Mental Health

Living in isolation
ল’ৰা-ছোৱালীক সহায় কৰা
বয়স্কসকলৰ যত্ন লোৱা

স্ৱচ্ছতা

হাত ধোৱা: কিয় আৰু কেনেকৈ
Using masks
বাহিৰলৈ যোৱা আৰু ঘৰলৈ উভতি অহা
Physical distance
কি কৰা উচিত আৰু কি কৰা অনুচিত

ঘৰৰ বাবে

পৃষ্ঠ পৰিস্কাৰ কৰা
ঘৰত ৰন্ধা-বঢ়া কৰা
ৰোগীৰ শুশ্ৰুষা

অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত কৰ্মী

বস্তু-বাহানি পাওনা (ডেলিভাৰী) কৰা
দোকানত কাম কৰা

স্ৱচ্ছতা

হাত ধোৱা: কিয় আৰু কেনেকৈ

হাত ধোৱাৰ পদ্ধতি: সম্পূৰ্ণ নিয়মাৱলী

ভাল খবৰটো এয়ে যে ভাইৰাছে জীৱদেহৰ বাহিৰত কেতিয়াও বংশবৃদ্ধি কৰিব নোৱাৰে। আমি মাত্ৰ এইটো নিশ্চিত কৰা প্ৰয়োজন যাতে বাহিৰৰ পৰিবেশত থকা ভাইৰাছবোৰ আমাৰ শৰীৰত প্ৰৱেশ নকৰে। কৰ’নাভাইৰাছৰ এখন বিশেষ বহি:ত্বক থাকে যি সহজে চাবোনৰ প্ৰভাৱত নষ্ট হৈ যায়। ভাইৰাছটো দেহৰ ভিতৰত সোমোৱাটো ৰোধ কৰাৰ বাবে থকা সৰ্বোত্তম উপায়বোৰৰ ভিতৰত এটা হৈছে নিজৰ হাতদুখন নিয়মীয়াকৈ চাবোনেৰে ভালদৰে ধোৱাটো, অৱশ্য়ে কিছুমান ক্ষেত্ৰত আন বিভিন্ন ধৰণৰ পৰিশোধক তথা উপায়ও ফলপ্ৰসু হয়। ইয়াত বিভিন্ন পৰিস্থিতিত হাত ধোৱাৰ নিয়মখিনি দিয়া হ’ল।

অসমীয়া

main page

মাস্কৰ ব্যৱহাৰ

মুখা (মাস্ক): কিয়, কোনে, কেতিয়া পিন্ধিব

মুখাৰ কথা অধিকাংশ মানুহেই ভাবিব ধৰিছে আৰু বহুতে মুখত পিন্ধিছে । সাধাৰণ জনতাই কেতিয়া আৰু কেনেকুৱা ধৰণৰ মুখা ব্যৱহাৰ কৰা উচিত এই বিষয়ে চৰকাৰ (আৰু বিশ্ব স্বাস্থ্য সংস্থা) ৰ নিৰ্দেশাৱলী সময়ৰ লগে লগে সলনি হৈছে । প্ৰত্যেকে মুখা ব্যৱহাৰ কৰিলে যে ৰোগ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিব পাৰি এই কথাৰ প্ৰমাণ দিনক দিনে বাঢ়িব ধৰিছে । যদি আপুনি ভাইৰাছৰ দ্বাৰা সংক্ৰমিত তেন্তে মুখাই এই ভাইৰাছবিধ আনলৈ সংক্ৰমিত হোৱাত বাধা দিব অথবা আন সংক্ৰমিত ব্যক্তিৰ পৰা আপোনালৈ সংক্ৰমণ হোৱাৰ সম্ভাৱনা কমাব । ইতিমধ্যে ঘৰৰ বাহিৰত মুখা পিন্ধাটো বাধ্যতামূলক কৰা হৈছে । এই লিখনিত মুখা আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে কিছুমান তথ্য যুগুতোৱা হৈছে ।

অসমীয়া

হাতমোজা (গ্ল’ভচ): কিয়, কোনে আৰু কেতিয়া পিন্ধিব ?

সাধাৰণতে হাতৰ স্বাস্থ্যবিধি অতি আৱশ্যকীয় । নিয়মিতভাৱে হাত ধোৱা আৰু হাত নোধোৱাকে মুখ স্পৰ্শ নকৰাটো সুনিশ্চিত কৰিব পাৰিলে হাতমোজাৰ কোনো প্ৰয়োজন নাই ।  হাতমোজা পিন্ধাটো অৰ্থহীন যদিহে আপুনি সেইযোৰ পিন্ধি ভাইৰাছ লাগি থাকিব পৰা পৃষ্ঠ  স্পৰ্শ কৰে আৰু তাৰপিছত নিজৰ মুখ স্পৰ্শ কৰে । চিকিৎসাজনিত অতি বিপদশংকুল পৰিস্থিতিতহে হাতমোজা পিন্ধা ভাল ।

অসমীয়া

main page

বাহিৰলৈ যোৱা আৰু ঘৰলৈ উভতি অহা

ঘৰৰ বাহিৰলৈ অহা-যোৱা কৰোঁতে

ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে জাৰি কৰা লকডাউনৰ সময়ত অতি প্ৰয়োজন নহ’লে ঘৰৰ বাহিৰত নোলাবলৈ নিৰ্দেশনা দিয়া হৈছে । ঘৰৰ বাহিৰৰ পৃথিৱীখনৰ লগত শাৰীৰিক দূৰত্ব বজাই ৰখাতো অতিকৈ গুৰুত্বপূৰ্ণ । বাহিৰৰ মানুহৰ লগত সংস্পৰ্শ সীমিত ৰাখি আপুনি ৰোগ সংক্ৰমণৰ সম্ভাৱনা কম কৰিব পাৰে, কিন্তু সেইয়া তেতিয়াহে সম্ভৱ হ’ব যদি আপুনি ব্যক্তিগত স্বাস্থ্যবিধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে । যেতিয়া আপুনি অত্যাৱশ্যকীয় সামগ্ৰী যেনে খাদ্য অথবা ঔষধ আনিবলৈ বাহিৰলৈ যাব লগীয়া হয়, তেতিয়া আপুনি অন্য ব্যক্তিৰ লগত কথা-বতৰা পতাৰ লগতে তেওঁলোকৰ লগত একে পৰিবেশত থাকিবলগীয়া হয় । সেয়ে বাহিৰলৈ অহা-যোৱা কৰোঁতে কি কৰা উচিত আৰু অনুচিত সেই কথা জনাতো অতি গুৰুত্বপূৰ্ণ । এই লিখনিৰ জৰিয়তে আপুনি ঘৰৰ বাহিৰলৈ অহা-যোৱা কৰোঁতে ল’বলগীয়া কিছুমান গুৰুত্বপূৰ্ণ সাৱধানতাৰ বিষয়ে আমি আভাস দিবলৈ ওলাইছো ।

অসমীয়া

main page

কি কৰা উচিত আৰু কি কৰা অনুচিত

main page

ঘৰৰ বাবে

পৃষ্ঠ পৰিস্কাৰ কৰা

আপোনাৰ  ওচৰ-পাজৰে থকা  পৃষ্ঠবোৰ কেনেকৈ চাফ-চিকুণকৈ ৰাখিব?

যিকোনো ৰোগৰ বিস্তাৰ নিয়ন্ত্ৰণ কৰিবলৈ, ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ লগতে আপুনি নিজৰ পৰিবেশৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰতো গুৰুত্ব দিয়া উচিত, আৰু ক’ভিড-১৯ ও ইয়াৰ ব্যতিক্ৰম নহয়। কৰ’ণা ভাইৰাছ বিভিন্ন পৃষ্ঠত বহু সময়লৈকে বৰ্তি থাকিব পাৰে।এইবোৰৰ পৰা যাতে এই ভাইৰাছ বিয়পিব নোৱাৰে, তাৰ বাবে আমি সাৱধানতা অৱলম্বন কৰা উচিত।আপুনি বোধহয় চিন্তা কৰিছে – এই ভাইৰাছ নষ্ট কৰিবলৈ কোনবোৰ পৃষ্ঠ পৰিষ্কাৰ কৰা দৰকাৰ, আৰু কিমান পৰিমাণৰ পৰিষ্কাৰক আৰু বীজাণুনাশক প্ৰয়োগ কৰা উচিত? ইয়াত এই সম্পৰ্কে কেতবোৰ পৰামৰ্শ দিয়া হৈছে:

অসমীয়া

main page

ঘৰত ৰন্ধা-বঢ়া কৰা

কৰ’না মহামাৰীৰ সময়ত খাদ্যৰ ক্ষেত্ৰত লবলগা সাবধানতা

আপুনি খোৱা খাদ্যৰ পৰা কোভিড-১৯(কৰ’না ভাইৰাছ)হব পাৰে বুলি চিন্তিত নেকি ? বজাৰৰ পৰা অনা খাদ্য সামগ্ৰীৰ পেকেটৰ পৰা কৰ’না ভাইৰাছৰ সংক্ৰমণ হব পাৰে নেকি ? এই মহামাৰীৰ সময়ত আপুনি কি খোৱা উচিত বা অনুচিত বুলি ভাবে ? এনে বহুত প্ৰশ্নৰ উত্তৰ এই লেখাটোৰ পৰা জানিব পাৰিব ।

অসমীয়া

main page

ৰোগীৰ শুশ্ৰুষা

ঘৰৰ কোনো সদস্য অসুস্থ হ’লে পালন কৰিবলগীয়া সাৱধানতা

বেছিভাগ ক’ভিড-১৯ ৰোগীয়ে কাহ, জ্বৰ ইত্যাদি ফ্লুৰ নিচিনা লক্ষণ দেখুৱায়। যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যই এই লক্ষণ দেখুৱায়, তেন্তে ই ক’ভিড-১৯ৰ সংক্ৰমণ হ’ব পাৰে। আপোনাৰ নিকটতম স্বাস্থ্যকেন্দ্ৰ বা ব্যক্তিগত চিকিৎসকক শীঘ্ৰে খবৰ দিয়ক, নাইবা ০১১-২৩৯৭৮০৪৬ নম্বৰত ফোন কৰক। লক্ষণৰ ওপৰত নিৰ্ভৰ কৰি, তেওঁলোকে আপোনাক ঘৰতে থাকিবলৈ ক’ব পাৰে, নাইবা এখন নিৰ্ধাৰিত চৰকাৰী বা ব্যক্তিগত চিকিৎসালয়, অথবা পৰীক্ষা কেন্দ্ৰলৈ যাবলৈ পৰামৰ্শ দিব পাৰে। ভাল অৱস্থাত থকা ব্যক্তিসকলৰ স্বাস্থ্য তিনিৰ পৰা পাঁচ দিনৰ ভিতৰত নিজে-নিজেই ভাল হয়। তথাপিও ৰোগীজনে বেমাৰৰ লক্ষণ দেখুৱা বন্ধ হোৱাৰ পিছতো ১৪ দিনলৈকে ঘৰতে থকা উচিত। এই সময়চোৱাত ৰোগীজনক শুশ্রূষা আৰু সহযোগৰ আৱশ্যকতা আছে যাতে কৰ’নাৰ বিষাণু গোটেই ঘৰখনতে বা বাহিৰলৈ সোঁচৰিত নহয়।

অসমীয়া

main page

অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত কৰ্মী

বস্তু-বাহানি পাওনা (ডেলিভাৰী) কৰা

ক’ৰ’না বিষাণুৰ পৰা নিজকে নিৰাপদ ৰাখি কেনেকৈ সামগ্ৰী বিতৰণ কৰিব পাৰি

 ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে জাপি দিয়া এই লকডাউনৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰী ঘৰে-ঘৰে বিতৰণ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। সেয়ে, এই অত্যাৱশ্যকীয় সামগ্ৰীৰ বিতৰণ-কাৰ্যত জড়িত থকা লোকসকলৰ স্বাস্থ্য আৰু সুৰক্ষা সৰ্বাধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ ভিতৰত গেলামালৰ বস্তু, ৰন্ধন গেছৰ চিলিন্ডাৰ, গাখীৰৰ পেকেট, বাতৰি কাকত, বনাই থোৱা খাদ্য, ঔষধ ইত্যাদি পৰে। আপুনি যদি এনে অত্যাৱশ্যকীয় সামগ্ৰীৰ বিতৰণ-কাৰ্যত জড়িত হৈ আছে, তেন্তে আপুনি খুব সম্ভৱ বহু ব্যক্তি আৰু তেওঁলোকে স্পৰ্শ কৰা পৃষ্ঠৰ সংস্পৰ্শলৈ আহিছে। আপুনি বহু পৰিমাণ মুদ্ৰাৰ আদান-প্ৰদানতো জড়িত থাকিব পাৰে, আৰু হয়তো সঘনে টকা-পইচা স্পৰ্শ কৰিবলগীয়া হয়।সম্ভৱতঃ আপুনি নিজৰ সহকৰ্মী লোকসকলৰ সান্নিধ্যত কাম কৰে, আৰু কেতিয়াবা, বিতৰণ-কাৰ্যত ব্যৱহাৰ কৰা বাহনখন বহুলোকে ব্যৱহাৰ কৰে। ইয়াতে আমি কিছুমান সহজ প্ৰতিৰোধ ব্যৱস্থা আগবঢ়াইছোঁ যিবোৰ পালন কৰি আপুনি নিজকে, নিজৰ পৰিয়ালক আৰু উপভোক্তাসকলক ক’ভিড-১৯ সংক্ৰমণৰ পৰা নিৰাপদে ৰাখিব পাৰে।

অসমীয়া

main page

দোকানত কাম কৰা

কৰ্মচাৰী আৰু গ্ৰাহকৰ বাবে দোকান সুৰক্ষিত কৰি ৰখা

ক’ভিড-১৯ প্ৰতিৰোধ কৰিবলৈ জাৰি কৰা লকডাউনৰ সময়খিনিত অত্যাৱশ্যকীয় সেৱা আৰু সামগ্ৰীৰ দোকান তথা গেলামাল আৰু ঔষধালয় (ফাৰ্মাচী) সমূহ খোলা ৰাখিবলৈ অনুমতি দিয়া হৈছে । যিহেতু এই স্থানসমূহলৈ বহু ব্যক্তি অহা-যোৱা কৰে, সেয়ে এনে স্থানসমূহ ক’ভিড-১৯ ৰোগবিধ সংক্ৰমণৰ অভিকেন্দ্ৰ হৈ উঠাৰ সম্ভাৱনা আছে । যদিও সঘনাই হাত ধোৱা, সামাজিক দূৰত্ব বজাই ৰখা আৰু যিকোনো বস্তুৰ পৃষ্ঠভাগ চাফা ৰখাটো গুৰুত্বপূৰ্ণ তথাপিও অত্যাৱশ্যকীয় সেৱাকৰ্মী হিচাপে আপুনি কিছুমান নিৰ্দিষ্ট ব্যৱস্থা লোৱাটো প্ৰয়োজনীয় । ইয়াৰ জৰিয়তে আপুনি ৰাইজক অত্যাৱশ্যকীয় সেৱা আগবঢ়াই থাকিও নিজৰ লগতে আপোনাৰ সহকৰ্মী আৰু পৰিয়ালৰ সকলোকে নিৰাপদ আৰু স্বাস্থ্যবান কৰি ৰাখিব পাৰিব ।

অসমীয়া

main page

জীৱবিজ্ঞানৰ বিষয়ে

ভাইৰাছবোৰ কিমান সৰু?

main page